ইলেকট্ৰন নিৰ্গমন:
কোনো ধাতুত থকা মুক্ত ইলেকট্ৰনবোৰেই ধাতু টুকুৰাক পৰিবাহী গুণ প্ৰদান কৰে । কিন্তু এই মুক্ত ইলেকট্ৰনবোৰ সাধাৰণ উষ্ণতাত ধাতুপৃষ্ঠৰ পৰা ওলাই আহিব নোৱাৰে কাৰণ ইহঁত ধাতুৰ ধনাত্মক আয়নবোৰৰ আকৰ্ষণৰ বাবে ধাতুপৃষ্ঠতে আৱদ্ধ হৈ থাকে । কিন্তু যদি এই আকৰ্ষণী বলক অতিক্ৰম কৰিব পৰাকৈ ইলেকট্ৰনটোৰ পৰ্যাপ্ত পৰিমাণৰ শক্তি থাকে তেনেহ’লে ই ধাতু-পৃষ্ঠৰ পৰা মুক্ত হৈ আহিব । ধাতুৰ পৃষ্ঠৰ পৰা মুক্ত হ’বলৈ ইলেকট্ৰনটোক এক নিম্নতম শক্তিৰ প্ৰয়োজন ।

কাৰ্য-ফলন: যি নিম্নতম শক্তি যোগান ধৰিলে ধাতুপৃষ্ঠৰ পৰা ইলেকট্ৰন এটা মুক্ত হৈ ওলাই আহিব পাৰে সেই শক্তিক ধাতুপৃষ্ঠখনৰ কাৰ্য-ফলন বুলি কোৱা হয় ।
ইয়াক \displaystyle \upphi \_{o} (ফাই নট) চিহ্নৰে বুজোৱা হয় আৰু eV (ইলেকট্ৰন ভল্ট) এককত জোখা হয় ।

1 ভল্ট বিভৱ-ভেদৰ দ্বাৰা ত্বৰান্বিত কৰিলে এটা ইলেকট্ৰনে যিমান গতি-শক্তি লাভ কৰে তাকেই 1 eV বুলি কোৱা হয় । 1 eV = 1.602\displaystyle \times\displaystyle 10^{-19}J (জুল) ।

এই অধ্য়ায়টোৰ সকলোখিনি নোটছ অসমীয়াত চাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ মুখ্য় ৱেবচাইট www.edorb.in লৈ যাওঁক অথবা পোনপটিয়াকৈ তলত ক্লিক কৰক

আমাৰ ৱেবচাইট www.edorb.in ত উপলব্ধ আন সুবিধাসমূহ-
১) প্ৰতিটো শ্ৰেণীৰ সকলো বিষয়ৰ সকলো অধ্য়ায়ৰ সম্পূৰ্ণ নোটছ । নোটছসমূহ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্য়মতে উপলব্ধ ।
২) NEET, JEE, CEE আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অফলাইন আৰু অনলাইন
ক ‘চিং ৰ সুবিধা ।
৩) অসমৰ HSLC আৰু HS পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্য়মতে বিশেষভাৱে তৈয়াৰী পাঠ্য়ক্ৰম ।
৪) বিভিন্ন পৰীক্ষাৰ শতাধিক প্ৰশ্নকাকতৰ ভাণ্ডাৰ ।
৫) আৰু বহুতো…..
গতিকে আজিয়েই লগ ইন কৰক আৰু প্ৰতিটো কঠিন বিষয় নিজৰ ভাষাত সহজকৈ শিকাৰ আনন্দ লওঁক –